২০১৯ বৰ্ষত ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে।
শনিবাৰে আদালতে জিলা আইনী সেৱা কৰ্তৃপক্ষক (ডিএছএলএ)ক পৰ্যাপ্ত ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে যোৱা জুলাই মাহত আদালতে ছেম ষ্টেফৰ্ডৰ মৃত্যুৰ সৈতে জড়িত গোচৰটোত আৰক্ষীয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন নাকচ কৰি নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল।
শনিবাৰে আদালতে ভুক্তভোগীৰ বয়স আৰু পৰিয়ালৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আত্মীয়ই ক্ষতিপূৰণ পাব লাগে।
ইফালে কা বিৰোধী আন্দোলনত ছেমৰ লগতে অন্যান্যৰ মৃত্যুৰ সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰটোৰ সন্দৰ্ভতো ৰাজ্য আৰক্ষীক প্ৰতিবেদন দাখিল কৰিবলৈও আদালতে নিৰ্দেশ প্ৰদান কৰিছে।
আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছে ৩ নৱেম্বৰ।
উল্লেখ্য যে ৰাজ্যজুৰি চলা কা বিৰোধী আন্দোলনৰ সময়ত ২০১৯ চনৰ ১২ ডিচেম্বৰৰ সন্ধিয়া হাতীগাঁও অঞ্চলত আৰক্ষীৰ গুলীত নিহত হৈছিল ছেম ষ্টেফৰ্ড।
 
  
  
  
  
   
  