বুৰঞ্জীয়ে পৰশা ইতিহাসৰ দলিল খেৰকটামুখ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান তথা সমগ্ৰ মিচিং সমাজৰ উপৰিও খেৰকটামুখ এলেকাক শিক্ষা,জ্ঞানৰ পোহৰেৰে আলোকিত কৰি তোলা অল আসাম মিৰি হায়াৰ চেকেণ্ডাৰী স্কুলখনে চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে শণিবাৰে সামৰণি পৰে ৮৩ তম বাৰ্ষিক অধিবেশন ও যুৱ মহোৎসৱখনি৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত সামুহিক চাফাই,বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ নিৰঞ্জন পেগুৱে,স্মৃতি তৰ্পণ কৰে বিষয় শিক্ষক ৰেৱত চুতীয়া, অলিম্পিক শিখা প্ৰজ্বলন কৰে লিগাং দলে, ক্ৰীড়া প্ৰতিযোগিতাখন উদ্বোধন কৰে সহঃশিক্ষক অশোক কুমাৰ দলেই৷

দ্বিতীয় দিনাৰ প্ৰথমটো কাৰ্যসূচী অনুসৰি সাহিত্য প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিষয় শিক্ষক চক্ৰপাণি দলেদেৱে৷প্ৰতিযোগিতাখনি সঞ্চালনা কৰে সহঃশিক্ষক দীনেশ দলেই৷তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি সাংস্কৃতিক প্ৰতিযোগিতাখনি উদ্বোধন কৰে সহঃশিক্ষক ফটিক পেগুৱে৷প্ৰতিযোগিতাখনি সঞ্চালনা কৰে সহঃশিক্ষক বিজু কুটুমদেৱে৷

শেষৰ দিনাৰ কাৰ্যসূচী অৰ্থাৎ অধিবেশনৰ সামৰণি অনুষ্ঠানৰ মুকলি সভা আৰু অভিভাৱক সমাৰোহ সভাখন উদ্বোধন কৰে বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগুদেৱে৷ ছাত্ৰছাত্ৰী সকলৰ পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে উপাধ্যক্ষ তথা ছাত্ৰ একতা সভাৰ সভাপতি প্ৰদীপ কুমাৰ পেগুৱে৷ইয়াৰ পাছতে সাম্প্ৰতিক কালত সমাজত ৰাগিয়াল দ্ৰব্যৰ প্ৰতি ক্ৰমবৰ্দ্ধমান আসক্তি,শৈক্ষিক দিশত ইয়াৰ কু-প্ৰভাৱ আৰু নিৰাময়ৰ উপায়ৰ বিষয়ৰ ওপৰত আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰে অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰুণ পাতিৰ,মূৰব্বী অধ্যাপক ঢকুৱাখনা মহাবিদ্যালয়ৰ সেৱক চন্দ্ৰ চুতীয়া, মুখ্য অতিথি ৰূপে অতিৰিক্ত উপায়ুক্ত ও মহকুমাধিপতি, ঢকুৱাখনা অৰিন্দম বৰুৱা,আমন্ত্ৰিত অতিথি বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি দেবেন্দ্ৰকুমাৰ পেগু, অবসৰপ্ৰাপ্ত উপাধ্যক্ষ,অল আসাম মিৰি হায়াৰ চেকেণ্ডাৰী স্কুলৰ বিশ্বনাথ পেগু, মুহীকুমাৰ গুপিত, খেৰকটা মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত পেগু, সমাজকৰ্মী নৱকুমাৰ পেগুৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷বিয়লি ভাগত ছাত্ৰছাত্ৰী সকলৰ মাজত বঁটা বিতৰণী অনুষ্ঠানে সামৰণি কৰে আৰু দিনটোত নৃত্যগীতেৰে জীপালহৈ পৰে৷