বিশ্ব স্তনপান সপ্তাহ উপলক্ষে সোণাৰিত সজাগতা সভা সম্পন্ন

সোণাৰি, ৩ আগষ্ট, ২০২২: বিশ্ব স্তনপান সপ্তাহ-২০২২ ৰ লগত সংগতি ৰাখি আজি চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত সোণাৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত জজলী পাঁচআলিৰ গড়কোষ হাবি গাঁৱত এখনি সজাগতা সভা অনুষ্ঠিত হয়। স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পুতুলী গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকি সোণাৰি প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া প্ৰিয়ংকা টাইডে কয় যে, "শিশুসকলক সুস্বাস্থ্যৰ গৰাকী কৰি তুলিবলৈ হ'লে ছমাহ বয়সলৈকে কেৱলমাত্ৰ মাতৃদুগ্ধ খোৱাব লাগে। ছমাহ হোৱাৰ পাছতহে মাতৃদুগ্ধৰ লগতে পৰিপূৰক আহাৰ দিব লাগে ।

স্বাস্থ্য বিভাগৰ কৰ্মচাৰী পূৰ্ণিমা গগৈয়ে স্তনপানৰ গুৰুত্ব আৰু তাৎপৰ্য সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে । পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা আৰু সোণাৰি প্ৰকল্পৰ মুখ্য সেৱিকা ক্ৰমে অনিমা বৰগোঁহাই আৰু গীতাঞ্জলি গগৈয়েও বিশ্ব স্তনপান সপ্তাহ সন্দৰ্ভত বক্তব্য ৰাখে । কনিষ্ঠ সহায়ক প্ৰসেনজিত সেনশৰ্মাই প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনিখনৰপৰা মাতৃসকলে লাভ কৰা সুবিধাসমূহৰ বিষয়ে অৱগত কৰে । সভাৰ লগত সংগতি ৰাখি এক শোভাযাত্ৰাও উলিওৱা হয় ।

আজিৰ সভাত সোণাৰি প্ৰকল্পৰ মুখ্য সেৱিকাসকলৰ লগতে পোষণ অভিযানৰ কৰ্মচাৰী ক্ৰমে গুৰুপ্ৰসন্ন বৰগোঁহাই আৰু বিতোপন দত্ত, ভৰালীপুখুৰী চাৰ্কোলৰ অংগনবাড়ী কৰ্মী- সহায়িকাসকলৰ উপৰিও ভালেসংখ্যক প্ৰসূতি মাতৃ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।