দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবর্ষ সমৰণী অনুষ্ঠানৰ প্ৰস্তুতি তুংগত
ঐতিহাসিক দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি তুংগত:
বুৰঞ্জীয়ে পৰশা ইতিহাসৰ জীৱন্ত দলিল স্বৰ্গদেউ চাওলুং চুকাফাই স্ৱাধীন বৰ অসম আৰু মহান অসমীয়া জাতি গঢ়া আহোমৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউ সোনসেৰীয়া মাটিত আজিৰ পৰা এশ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়। চৰাইদেউ সমগ্ৰ অঞ্চলটোক শিক্ষা, জ্ঞানৰ পোহৰেৰে আলোকিত কৰি ঐতিহাসিক চৰাইদেউক মহিমামণ্ডিত আৰু গৰিমামন্ডিত কৰি তুলিলে। এই দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা ইং :৪,৫,৬ নৱেম্বৰ তাৰিখে শতবাৰ্ষিকী সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ আয়োজন ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বুলি অৱগত কৰিছে উদযাপন সমিতিৰ সভাপতি সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে। সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া এই বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে এই দায়িত্ব পালন কৰি শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ শুভদিন টোত তেখেতৰ ছাত্ৰ জীৱনৰ শিক্ষা গুৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৱসৰ প্ৰাপ্ত অধ্যক্ষ শৰৎ বৰকটকী দেৱৰ এটি পূৰ্ণাংগ মূৰ্তি স্থাপন কৰা লগতে তেখেতৰ হাতাৰে উন্মোচন কৰা ব্যৱস্থা কৰিছে। শিক্ষা গুৰু জনাৰ প্ৰতি সন্মান জনোৱা শিষ্য হিচাপে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে লোৱা পদক্ষেপক সকলোৱে আদৰনি জনাইছে। উদযাপন সমিতিৰ সভাপতি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে অৱসৰ প্ৰাপ্ত শিক্ষা গুৰু সকল , বৰ্তমান কৰ্মৰত শিক্ষক, শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ, ছাত্ৰ-ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী লগতে সকলো ৰাইজকে তিনিওটা দিনৰ কাৰ্যসূচী উপস্থিত থাকি সাফল্য মন্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে। তেখেতে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে শতবাৰ্ষিকী সামৰণি অনুষ্ঠানত অসমৰ জনপ্ৰিয় মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৬ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। আজি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয়। কৃষক পৰিয়ালৰ সন্তান বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে নিজ পঢ়া বিদ্যালয়ত হাত কোৰ লৈ হাতে কামে প্ৰস্তুতি সম্পূৰ্ণ কৰাত সহায় কৰে। তেখেতৰ নিজ বিদ্যালয়খনৰ প্ৰতি থকা এই কৰ্তব্য নিষ্ঠাৰ বাবে সকলোৱে আদৰনি জনোৱাৰ লগতে ভুয়সী প্ৰসংশা কৰিছে।