এতিয়া গোলাঘাটত গঢ় লৈ উঠিছে নাৰী দেহ ব্যৱসায়ীৰ ঘাটি। কলেজীয়া ছাত্ৰীক দেহ ব্যৱসায়ত জড়িত কৰি ধন ঘটিছে একাংশই। নিজ কন্যা নাৰী দেহ ব্যৱসায়ত জড়িত হৈ পৰাত এগৰাকী মাতৃয়ে দিছে চাঞ্চল্যকৰ ভাষ্য। চাও আহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

প্ৰথমে শুনক এই গৰাকী মহিলাৰ এক চাঞ্চল্যকৰ ভাষ্য।

হয় শুনিলেই নহয়। গোলাঘাট ৰ শালমৰাৰ পৰা ৰঙাজান অভিমুখে যোৱা এই বাইপাছৰ কাষতে থকা এই ঘৰতে গঢ় লৈ উঠিছে নাৰী দেহ ব্যৱসায়। একাংশ কলেজীয়া ছাত্ৰী আহে এই ঘাটিলে। দিনে নিশাই মুকলিকৈ চলে নাৰী দেহৰ ৰমৰমীয় বেহা এই ঘৰত। এই ফটো সমূহ চাওক লয়লাস ভংগীমা থকা দীপলীপ সুন্দৰীৰ ফটোৰে আকৰ্ষিত কৰে গ্ৰাহকক। অভিযোগ অনুসৰি জনৈক গীতান্জলী নামৰ এগৰাকী মহিলাৰ নেতৃত্বত চলি আছে এই দেহ ব্যৱসায়ৰ ঘাটি। এই গৰাকী মহিলাৰ নিজৰ কন্যা তথা কলেজত অধ্যনৰত ছাত্ৰী গৰাকী এই দেহ ব্যৱসায় ঘাটিত ধৰা পেলোৱাৰ পাছতে পোহৰলৈ আহিছে