মহানগৰীত পুনৰ পিষ্টলসহ গ্ৰেপ্তাৰ যুৱক। গুৱাহাটীৰ চান্দমাৰীৰ ভাস্কৰ নগৰৰ পথৰ পৰা পিষ্টলসহ গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ মফিজুল ইছলাম (১৯) বুলি জানিব পৰা গৈছে।
চান্দমাৰী আৰক্ষীয়ে ৰাজপথৰ পৰা পিষ্টলসহ গ্ৰেপ্তাৰ কৰে যুৱকজনক। ভাস্কৰ নগৰত ভাৰাতীয়া হিচাপে আছিল যুৱকজন।
জানিব পৰা মতে, যুৱকজনৰ ঘৰ ধুবুৰীত। দীপ নাৰায়ণ শ্বাহ নামৰ এজন ঠিকাদাৰৰ সৈতে কাম কৰিছিল মফিজুল ইছলামে।
ঘটনা সন্দৰ্ভত দীপ নাৰায়ন শ্বাহকো আটক কৰিছে চান্দমাৰী আৰক্ষীয়ে।
কি কাৰণে যুৱকজনে পিষ্টল ব্যৱহাৰ কৰিছিল তাৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।
ফ'লচ ছিলিঙৰ মিস্ত্ৰী হিচাপে ঠিকাদাৰৰ সৈতে গুৱাহাটীত কৰ্মৰত যুৱকজন। প্ৰাথমিক অনুসন্ধানত চান্দমাৰী আৰক্ষীয়ে পিষ্টলটো ফেক্টৰীত নিৰ্মাণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। যুৱকজনৰ সৈতে ঠিকাদাৰজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।