নাজিৰা , ২৮ অক্টোবৰ : - ২০২০ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আয়ুষি জৈনে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহকাৰী সচিব আৰু যোৰহাট জিলাৰ সহকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । দায়িত্ব গ্ৰহণ কৰিয়েই নৱনিযুক্ত মহকুমাধিপতিয়ে তেওঁক আদৰণি জনোৱাৰ বাবে আৰু বিদায়ী মহকুমাধিপতি সব্যসাচী কাশ্যপক বিদায় জনাবলৈ মহকুমাধিপতি কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰে।
নৱনিযুক্ত মহকুমাধিপতিক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় । আনহাতে বিদায়ী মহকুমাধিপতিক ফুলাম গামোচা, শৰাই আৰু উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয়। নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিমপুই নাম্পুইয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ লৈ বিদায়ী মহকুমাধিপতিয়ে কয় যে নাজিৰা মহকুমাখনৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আৰু ইয়াৰ ৰাইজৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা তেওঁৰ সদায় থাকিব । তেওঁ যি বিভাগত থাকিলেও নাজিৰাৰ বাবে ভৱিষ্যতে নিজৰ সাধ্যানুসাৰে কাম কৰিব বুলি সব্যসাচী কাশ্যপে মন্তব্য কৰে । তেওঁ নাজিৰা মহকুমাধিপতি হিচাপে প্ৰায় ১৭ মহীয়া কাৰ্যকাল সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা বিষয়া-কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।
আনহাতে নৱনিযুক্ত মহকুমাধিপতি আয়ুষি জৈনে কয় যে সকলোৰে সহায় সহযোগিতাতহে নাজিৰা মহকুমাখনৰ সমস্যাৰাজীৰ আশু সমাধানসূত্ৰ উলিওৱাৰ লগতে উন্নয়নমূলক কাম-কাজসমূহৰ সফল ৰূপায়ন সম্ভৱ হ'ব । এইক্ষেত্ৰত তেওঁ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু নাজিৰাবাসী ৰাইজৰ সহযোগিতা কামনা কৰে । সভাত নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুইয়া নাম্পুই, সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, প্ৰীতম গগৈ, নাজিৰা নিৰ্বাচনী বিষয়া অংশুলেখা দত্ত পাঠকে প্ৰমুখ্যে কৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, আৰু মহকুমা প্ৰশাসনৰ সমূহ কৰ্মচাৰীসকল উপস্থিত আছিল ।