সোণাৰিত অসম মাইক্ৰ' ফাইনেন্সৰ দ্বিতীয় পৰ্যায়ৰ চেক্ বিতৰণ। 

সোণাৰি ৰাজহুৱা সভা কক্ষত মাইক্ৰ ফাইন্সে উদগনি ৰেহাই আঁচনিৰ অধিনত হিতাধীকাৰীক চেক বিতৰণ উপস্থিত মন্ত্ৰী সাংসদ বিধায়ক আৰু জিলাৰ উপায়ুক্ত।

চৰাইদেউ জিলাৰ সোণাৰি নগৰ স্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ অধীনত হিতাধিকাৰী সকলৰ মাজত অনুষ্ঠানিকভাৱে উদগনিমূলক চেক্ প্ৰদান কৰা হ'য়।

এই অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ শ্ৰী তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰ আৰু জিলাৰ উপায়ুক্ত পল বৰুৱাই অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত মুঠ ৭৮৯ গৰাকী হিতাধীকাৰীক চেক বিতৰণ কৰিছে ১কুটি ২৬ লাখ টকা বিতৰণ কৰা হয়।