অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা যশস্বী সাহিত্যিক তথা বিশিষ্ট মুক্তিযুঁজাৰু যতীন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বোকাখাতৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই।

   দেশৰ স্বাধীনতা যুঁজত সক্ৰিয় অংশগ্ৰহণ কৰা গোস্বামীৰ মৃত্যুৱে সমাজ জীৱন আৰু সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে মন্ত্ৰী বৰাই।

 ইপিনে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মন্ত্ৰী বৰাই।