ছিপাঝাৰৰ বৰমপূৰত পথ দুৰ্ঘটনা।

চলন্ত দাম্পাৰৰ খুন্দাত আহত দুগৰাকীকৈ মহিলা।

আহত মহিলাদুগৰাকী লঠাপাৰাৰ মণিকা বৈশ্য আৰু দিপীলা-কলিতাপাৰাৰ অনিতা কলিতা বুলি জানিব পৰা গৈছে।

AS-01-EB-1790 নম্বৰৰ স্কুটী আৰোহী মহিলা দুগৰাকীৰ অৱস্থা সংকটজনক।

দুয়োকে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে জিম্মাত লৈছে AS -25- FC-1107 নম্বৰৰ দাম্পাৰ খন। লগতে আটক কৰিছে উদণ্ড দাম্পাৰ চালকক।

ঘটনাস্থলীত উপস্থিত দৰং‌ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া।