গোলাঘাট জিলাৰ খুমটাইৰ গৰঙা চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ মজুৰিৰ ধনেৰে নিৰ্মাণ কৰা শ্ৰী শ্ৰী মা কালী মন্দিৰ আৰু শিৱ লিংগত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ সফল সামৰণি৷ উল্লেখ যে মহামৃত্যুঞ্জয় মন্দিৰৰ পিছত অসমৰ ভিতৰত দ্বিতীয়তো বৃহৎ লৃংগাকাৰ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত দৰ্শনাৰ্থীৰ ভিৰ হোৱা পৰিলক্ষিত হয় । ২২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ সফলভাৱে সামৰণি পৰে। বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ কাৰ্যসূচীৰ সামৰণি কৰা হয় ।

উল্লেখ যে গৰঙা বাগিচাৰ শ্ৰমিক ৰাইজে তেওঁলোকৰ প্ৰতিবাৰৰ মজুৰিৰ পৰা ২০ টকাকৈ জমা কৰি নিৰ্মাণ সম্পূৰ্ণ কৰিলে দুইভাগ মন্দিৰৰ । গৰঙা চাহবাগিছাৰ পৰিচালক ৰণ বিজয় প্ৰতাপ সিঙে বিশেষভাৱে সহায়ৰ হাত আগবঢ়ালে মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত। বাগিচাৰ সকলো শ্ৰমিকৰ লগতে বাগিচা সংঘ,আটছা সকলোৱে পাৰ্যমানে সহায়ৰ হাত আগবঢ়ালে।

কালী মন্দিৰ আৰু শিৱলিংগৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত সহায় সহযোগ আগবঢ়োৱা সকলোকে ধন্যবাদ জনালে উদযাপন সমিতিয়ে। বৰ্তমান দূৰ-দুৰণিৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছেহি গৰঙা বাগিচাত নিৰ্মাণ কৰা আটকধুনীয়া মন্দিৰ দৰ্শন কৰিবলৈ।