চেঙাজান কৈৱৰ্তত লালী নদীৰ বিধ্বংসী খহনীয়া, উছন যোৱাৰ উপক্ৰম কেবাটাও কৃষিজীৱী পৰিয়ালৰ ঘৰভেটি

চিলাপথাৰ ২৭ অক্টোবৰঃ ব্ৰহ্মপুত্ৰৰ অন্যতম উপ নৈ লালী নদীৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে জোনাই ৰাজহ চক্ৰৰ চমকং গাওঁ পঞ্চায়তৰ চেঙাজান কৈৱৰ্ত গাঁৱত। কেবাদিন ধৰি হোৱা লালী নদীৰ খহনীয়াৰ কবলত পৰি চেঙাজান কৈৱৰ্ত গাঁৱৰ নৰেণ শইকীয়াৰ গোহালি নদীৰ বুকুত জাহ গৈছে।

লগতে নৰেণ শইকীয়াৰ ঘৰভেটি, যাদৱ শইকীয়া, জুবিন গগৈ, লক্ষী মিলি, লক্ষীমাই গগৈ, ধ্ৰুৱ দুৱৰা, ভকত বড়ি,সৌম্বা বসুমতাৰী, প্ৰফুল্ল গগৈৰ ঘৰভেটি উছন যোৱাৰ উপক্ৰম হৈছে লালী নদীৰ বিধ্বংসী খহনীয়াত।আনহাতে ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৌৰাংশ্ৰী গাঁৱত তাণ্ডৱ চলাইছে।সৌৰাংশ্ৰী গাঁৱৰ উৰ্বৰা কৃষিভূমি চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ কবলত। ইয়াৰোপৰি চেঙাজান গোৱালা গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া।

যোৱা বাৰিষাত চেঙাজান গোৱালা গাঁৱৰ ৰামবিৰিশ যাদৱ, গুদ্দু যাদৱ, মুছাফিৰ যাদৱ, ফুলেশ্বৰ যাদৱ, গণেশ যাদৱ, চুবেদাৰ যাদৱ, যোগেন্দ্ৰ যাদৱ, পতিৰাম ভৰালী, ৰামভৱন মাঝি, ৰামলাল যাদৱ, দশৰথ মালা,গঙ্গা মালা,ধঞ্জি মালা,মহেন্দ্ৰ যাদৱ, জগধাৰী যাদৱ, ভৱেশ বিশ্বাস, বলীৰাম মালা আদি কৃষিজীৱী পৰিয়ালৰ ঘৰভেটি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি নদীখনৰ বুকুত বিলীন গ'ল। লগতে চেঙাজান ইন্দিৰা হিন্দী প্ৰাথমিক বিদ্যালয়, চেঙাজান গোৱালা অঙ্গণবাড়ী কেন্দ্ৰ,চেঙাজান শিৱ মন্দিৰ, চেঙাজান বিঞ্চু মন্দিৰ, চেঙাজান কালী মন্দিৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ ফলত বৃটিছৰ আমোলত প্ৰতিষ্ঠা হোৱা চেঙাজান গোৱালা গাঁৱৰ এটাও ৰাজহুৱা মঠ-মন্দিৰ, অনুষ্ঠান, শিক্ষানুষ্ঠান নোহোৱা হৈ পৰে। বৰ্তমান চেঙাজান গোৱালা গাঁৱত বসবাস কৰে থকা অৱশিষ্ট পৰিয়াল সমূহলৈও সংকট নামি আহিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত।

চৰকাৰৰ জলসম্পদ বিভাগে চেঙাজান গোৱালা গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে পকী পৰ্কিউপাইন স্থাপন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল যদিও ত্ৰিশ-চল্লিছ ফুট গভীৰতা থকা ব্ৰহ্মপুত্ৰৰ বুকুত মাত্ৰ আঠ-দহফুট দৈৰ্ঘ্যৰ পকী পৰ্কিউপাইন আঁচনি ৰূপায়ণ কৰা ফলত সকলো ফুটুকাৰফেনত পৰিণত হ'ল।