তীব্ৰ গণতান্ত্ৰিক আন্দোলন,উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ: বন্যপ্ৰাণী সুৰক্ষাৰ নামত ২০০৬ বন অধিকাৰ আইন উলঙ্ঘ কৰা কাৰ্য্যত জাঙুৰ খাই উঠিছে সংযুক্ত বড়ো গণ মঞ্চ
চিলাপথাৰ ২৭ অক্টোবৰঃ গোৱালপাৰা জিলাত বনাঞ্চল সমুহ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে তথা বনৰীয়া জীৱ-জন্তুৰ লগতে বনৰীয়া হাতীপতিৰ সুৰক্ষাৰ নামত প্ৰণৱজ্যেতি শৰ্মাৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক চৰজমীন তদন্ত কৰি বনাঞ্চলত বসবাস কৰা লোক সকলক উচ্ছেদ কৰিবৰ বাবে আদেশ জাৰী কৰিছে।
মেম' নং -বি/জিএলপি/ডিএফঅ(টি)গুৱাহাটী উচ্চ ন্যায়ালয়/পিআইএল ১ অফ্ ২০২২/৫৪৭৫-৭৮ তাৰিখ ১৭/০৯/২২ নম্বৰৰ গোচৰৰ ভিত্তিত উচ্ছেদ চলোৱা কাৰ্য্যক সংযুক্ত বড়ো গন মঞ্চই তীব্ৰ বিৰোধিতা কৰিছে।সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী আৰু সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্মই কয় ইয়াৰ দ্বাৰা ২০০৬ চনৰ বন অধিকাৰ আইন সম্পূৰ্ণৰূপে উলঙ্ঘা কৰা হৈছে বুলি উল্লেখ কৰি ঔপনিৱেশিক সময়ছোৱাৰ লগতে স্বাধীন ভাৰতৰ সময়তো চৰকাৰীভাৱে ৰাজ্যৰ বনাঞ্চল সমুহ একত্ৰিকৰন কৰোঁতে বন ভূমিৰ ওপৰত থকা পৈতৃক অধিকাৰৰ লগতে তেওঁলোকে বাস কৰি থকাৰ অধিকাৰকো পৰ্য্যাপ্ত পৰিমানে স্বীকৃতি দিয়া নহ'ল বুলি মত ব্যক্ত কৰি যাৰফলত পৰম্পৰাগত বনবাসী আৰু জনজাতি সকলে বন পাৰিপাৰ্শ্বিক ব্যবস্থাৰ দ্বাৰা ভৰণপোষণ আৰু জীয়াই থকাৰ যোগ্য সেই সকলৰ ক্ষেত্ৰত এক ঐতিহাসিক অন্যায় কৰা হ'ল বুলি সংযুক্ত বড়ো গণ মঞ্চই দাবী জনাই ভাৰত চৰকাৰে প্ৰণয়ন কৰা ২০০৬ চনৰ বন অধিকাৰ আইন অনুসৰি ২০০৫ চনৰ ১৩ ডিচেম্বৰৰ আগত যিকোনো বনাঞ্চলত থকা জনজাতি লোকসকলক আৰু যিসকল অজনজাতি পৰম্পৰাগত বনবাসী তিনিটা পুৰুষ ধৰি থকাৰ উপযুক্ত প্ৰমান থাকিলে তেওঁলোকক ভুমি স্বত্ব অধিকাৰ দিয়াৰ ব্যৱস্থা আছে।
ভাৰতবৰ্ষৰ অন্য ৰাজ্যবোৰত এই আইন কাৰ্যকৰী কৰা হ'ল, কিন্তু অসমত এই আইন কাৰ্যকৰী কৰাৰ বিপৰীতে ভুমি পুত্ৰ জনজাতি সকলক উচ্ছেদ কৰি থকাটো উদ্বেগজনক বুলি উনুকিয়াই ভাৰত চৰকাৰ, অসম চৰকাৰ, আৰু এন ডি এফ বিৰ (চাৰিটা গোট) এবছু, ইউ বি পি অ'ৰ মাজত স্বাক্ষৰিত নিষ্পত্তিকৰণৰ স্মাৰক লিপি ২৭ জানুৱাৰী ২০২০ৰ ৫.৩ অনুচ্ছেদ অনুসৰি স্পষ্ট উল্লেখ আছে অসম চৰকাৰে অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত আৰু অন্য বনাঞ্চলত পৰম্পৰাগতভাৱে থকা লোকসকলক ২০০৬ চনৰ বন অধিকাৰ আইনৰ নিয়ম অনুসৰি বি টি চিৰ বাহিৰত ৰৈ যোৱা লোকসকলক থাকিবলৈ অধিকাৰ প্ৰদান কৰিছে।
তেনেক্ষেত্ৰত জনজাতি সকলক বাৰে বাৰে উচ্ছেদ অভিযান চলোৱা, উচ্ছেদৰ নামত জনজাতি ৰাজহ গাঁৱত উচ্ছেদ চলোৱা আৰু উচ্ছেদৰ নামত অসমৰ অৰ্থনৈতিকভাৱে অৰিহণা আগবঢ়োৱা ৰবৰ গছৰ বাগান সমুহ ধ্বংশ কৰিব বিচৰা কাৰ্য্য উদ্বেগজনক বুলি মন্তব্য কৰে।
সংযুক্ত বড়ো গণ মঞ্চৰ স্পষ্ট দাবী ২০০৬ চনৰ বন অধিকাৰ আইনৰ নিয়ম অনুসৰি অনুসূচিত জনজাতি আৰু পৰম্পৰাগত বনবাসী সকলক ভুমি স্বত্ব অধিকাৰ প্ৰদান নকৰালৈ জনজাতি সকলক উচ্ছেদ কৰিব নোৱাৰিব। অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব আৰু উচ্ছেদ কৰিবলৈ যি আদেশ জাৰী কৰিছে ইয়াক প্ৰত্যাহ্বান জনাই মহামান্য উচ্চ ন্যায়ালয়ত গোচৰ তৰা হ'ব বুলি সকীয়াই দিয়ে।