নির্মলীয়া প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শিক্ষকক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নির্মলীয়া গাঁৱৰ গাঁও প্ৰধান পুনেশ্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্যজ্যোতি দেউৰী আৰু যদুমণি মহন্তক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উক্ত অনুষ্ঠানতে নির্মলীয়া অঞ্চলৰ কৃতি শিক্ষক তিলেশ্বৰ খামন আৰু টংকেশ্বৰ খামনকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।