ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট লৈ কনিষ্টবল পদৰ চাকৰি লোৱা ৫৬ জন প্ৰাৰ্থীক চি আই ডিৰ তলব। 

ইতিমধ্যে প্ৰাথীৰ লগতে কম্পিউতাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক সহ ২১ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে।

তাৰ মাজতে আজি চি আই ডিৰ কাৰ্য্যালয়ত আন এজন অভিযুক্তই আত্মসমৰ্পন কৰে। চি আই ডিৰ কাৰ্য্যালয়ত ধিঙৰ আজিজুৰ ৰহমানে আত্মসমৰ্পণ কৰে। 

জানিব পৰা মতে ২৩ ছেপ্টেম্বৰত নিযুক্তি লাভ কৰিছিল আজিজুৰ ৰহমানে। 

এই পৰ্যন্ত ২২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত চি আই ডিয়ে নিজৰ জিম্মাত ৰাখিছিল । 

বুধবাৰে আটাইকেইজন অভিযুক্তৰে জিম্মাৰ ম্যাদ ওকলাৰ বাবে আদালতত হাজিৰ কৰোৱা হয় গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্তক। 

এই গোচৰত অভিযুক্ত বহু প্ৰাৰ্থী এতিয়াও পলাতক বুলি জানিব পৰা গৈছে। ভুৱা প্ৰাৰ্থীক বিচাৰি ৰাজ্যজুৰি চি আই ডিয়ে অভিযান অব্যাহত ৰাখিছে।

চি আই ডিৰ এই গোচৰত আৰু বহু প্ৰাৰ্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।