অসম সৰ্বশিক্ষা মিছনে জমা ধন বিদ্যালয় সমূহৰ পৰা বিচাৰি জাননী প্ৰেৰণ কৰা সন্দৰ্ভত গোলাঘাট ফৰকাটিংত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ l শিক্ষাবৰ্ষৰ ছয় মাহ বাকী থকা অৱস্থাত সুদ সহ জমা ধন বিদ্যালয় সমূহৰ পৰা ঘূৰাই বিচাৰি শিক্ষা বিভাগৰ সৰ্বশিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ে বিদ্যালয় সমূহলৈ প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি আজি গোলাঘাট ফৰকাটিংত চৰকাৰক তীব্ৰ সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই । উৎসৱ পাৰ্ৱণ , নিযুক্তি পত্ৰ বিতৰণ, কেবিনেট মিটিংৰ নামত ৰাজহুৱা টকাৰ শৰাধ কৰা চৰকাৰে বিত্তীয় সংকটৰ জোৰা টাপলি মাৰিবলৈ ইউনিফৰ্ম, বিদ্যুৎ বিল, ডেস্ক বেঞ্চৰ বাবে বিদ্যালয়লৈ দিয়া ধনত চকু দিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে এনে কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ চৰকাৰক দাবী জনায় আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ।