ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰচেষ্টাত চাফ্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯৬ নং বুথত বৰপথাৰ নেপালী গাঁৱৰ হৰিমন্দিৰ প্ৰাংগনত অৰ্ধ শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰে।
উক্ত যোগদান কাৰ্যসূচত উপস্থিত থাকে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা ডাঙৰীয়া, চাফ্ৰাই মণ্ডলৰ সভাপতি অৰ্জুন চেত্ৰী, চাফ্ৰাই গাঁও পঞ্চায়তৰ সভাপতি টুনীৰাম দাস, ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য জ্যোতিষ কোঁৱৰৰ লগতে দলীয় কাৰ্যকৰ্তা সকলৰ উপৰিও ডেৰ শতাধিক স্থানীয় ৰাইজ উপস্থিত আছিল।