গোলাঘাটৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ বগৰীজেঙত আজি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এখন চুইফট বাহন দুৰ্ঘটনাগ্ৰস্ত হয় দেৰগাঁও অভিমুখি নীলা ৰঙৰ এখন চুইফট বাহনে গোলাঘাটৰ পন্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ বগৰীজেঙত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

যাৰ ফলত চুইফট বাহনখনৰ সন্মুখভাগ অথাৎ চালকৰ আসনৰ সন্মুখ অংশ ক্ষতিগ্ৰস্ত হয়। অৱশ্যে, কোনো আঘাত নোপোৱাকৈ কথমপি প্ৰাণ ৰক্ষা পৰে চালকজনৰ।