চৰাইদেউ জিলাত দেৱালীৰ নিশা সংঘটিত হয় এক অঘটন
জ্বলি চাৰখাৰ হল গোহালীৰ গৰু , গড়ালৰ গাহৰি, হাহ কুকুৰা পাৰ ইত্যাদি
পোহৰৰ উৎসৱ দিপাৱলীৰ আনন্দ উৎসাহৰ মাজতে হঠাতে কালধুমুহা নামি আহে এটি চহা গাৱলীয়া পৰিয়াললৈ
দিপাৱলীৰ অমাবস্যা সন্ধিয়াটোত দিনৰেপৰা দি থকা কিনকিনিয়া বৰষুণ আৰু পাতলীয়া বৰষুণজাকৰ মাজতে গোহালীত কণামহ খেদিবলৈ দিয়া ধোৱাৰ জুইকুৰাই ললে কালৰূপ ৷
বিধ্বংসী হৈ উঠা জুইকুৰাৰ সৰ্বনাশী কালৰূপে নিমিষতে ভস্মীভূত কৰিলে গৰ্ভৱতী গৰুকে ধৰি গাহৰি হাহ কুকুৰা ইত্যাদি লক্ষাধিক টকাৰ সা সম্পত্তি ৷
ঘটনাৰ উৎস চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৰ অতি স্পৰ্ষকাতৰ ঠাই চৰাইপুংৰ ডাবলুহাবি গাৱৰ নন্দ গোহাইৰ বাসগৃহ
জানিব পৰামতে অতি জটিল ৰোগত নন্দ গোহাইৰ পত্নী বহুদিন ধৰি চিকিৎসালয়
চিকিৎসাধীন ৷ একমাত্ৰ পুত্ৰ ভীম গোহাইয়ো মাকৰ লগতে চিকিৎসালয়তে
ঘৰখনত থকা একমাত্ৰ মানুহ ঘৰখনৰ মুৰব্বী নন্দ গোহাইয়ে গোহালীৰ গৰুকেইটা শান্তিৰে টোপনী যাবলৈ দিয়া মহ খেদোৱা জুইকুৰাই যে অঘটন ঘটালে সেই কথা ধাৰাষাৰ বৰষুণ আৰু ফেৰফেৰীয়া বতাহজাকৰ বাবে ঘৰৰ মুৰব্বী নন্দ গোহাইহে নালাগে প্ৰতিবেশী কোনো এঘৰ মানুহেই গমেই নাপালে
যেতেয়া গম পালে তেতিয়া বহু পলম হৈ গল
দুখজনক ঘটনাটো জানিব পাৰি ওচৰ চুবুৰীয়াৰ লগতে স্থানীয় দল সংগঠনৰ নেতৃত্ব সকলোৱে এটা দীঘল হুমুনিয়াহৰ লগতে দুখ প্ৰকাশ কৰিছে।