কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত বাৰাংহাটী শ্ৰীশ্ৰী কালীমন্দিৰত দুদিনীয়াকৈ  অনুষ্ঠিত ১৩৮ তম্ শ্ৰীশ্ৰী কালীপূজাৰ আজি আবেলি সামৰণি পৰে৷

উল্লেখ্য যে সোমবাৰে পূৱা ধৰ্মীয় পতাকা উত্তোলনৰে আৰম্ভ কৰা এইবেলিৰ পূজাত যথেষ্ট সংখ্যাক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়৷সোমবাৰে পূৱাৰে পৰা নেৰানেপেৰা বৰষুণকো নেওচি ৰাইজে দেৱীৰ ওচৰত আশীষ লৈছে৷