যোগী গাঁৱৰ গনেশ নাথৰ গৰু খুটিত লক্ষ্যাধিক টকাৰ সা -সম্পতি তচ- নচ
পূব মাজুলীৰ , মেৰাগড় ,কলনিবাৰী,গেজিং, যোগী গাঁৱত বিগত কেইবা দিনো ধৰি এটা বন্য হস্ত্রী দলে সন্ত্ৰাস চলাই আহিছিল যদিও যোৱা নিশা ১০.৩০ বজাত পূব মাজুলীৰ মাথাউৰীৰ ভিতৰৰ বনগাঁও অঞ্চলত দুটা হাতীয়ে প্ৰৱেশ কৰাত অঞ্চল বাসীৰ মাজত আতংক ৰ সৃষ্টি হয় ।
অঞ্চলটোৰ বৃদ্ধৰ পৰা শিশু লৈ সকলোৱে নিশা দুপৰলৈ ৰাজপথত অৱস্থান কৰিব লগা পৰিস্থিতি সৃষ্টি হয়। ইফালে পথাৰত গেৰ ধৰা ধান । কেৱল মাথাউৰী ৰ বাহিৰৰ অঞ্চলত গঞা ৰাইজক আতংকিত কৰি ভিন্ন সময়ত উপদ্ৰৱ চলাই অহা হাতী জাকৰ দুটা হাতীয়ে আকস্মিক ভাবে ভিতৰ অঞ্চলত প্ৰৱেশ কৰাত স্বাভাৱিকতে আতংকিত হৈ পৰে ৰাইজ । ঘটনা সম্পৰ্কে জানিব পাৰি বনবিভাগৰ লোক আহি গাঁওবাসীক বুজাই আশ্বস্ত কৰিবলৈ চেষ্টা কৰে যদিও গাঁওবাসীয়ে ঘৰত প্ৰৱেশ কৰাৰ ভয়ত পুৱতি নিশালৈকে ৰাজপথতেই অৱস্থান কৰে
। শেষত পুৱতি নিশা হাতী দুটা পুনৰ মাথাউৰীৰ বাহিৰত থকা হাতীৰ জাকটোৰ ওচৰলৈ যোৱাতহে অঞ্চলবাসী আশ্বস্ত হয় । উল্লেখযোগ্য যে বিগত বহু বছৰৰ পৰা পূব মাজুলী আৰু উজনি মাজুলীৰ মাথাউৰী ৰ বাহিৰৰ অঞ্চলত ব্যাপক উপদ্ৰৱ চলাই আহিছে । সম্প্ৰতি হাতীৰ জাকটোৱে যোগী গাঁও আৰু শাল মৰাৰ মাজ অংশত অৱস্থান কৰি থকাক লৈ অঞ্চলবাসী আতংকিত হৈ আছে ।