মাহমৰাৰ হিংৰিজানৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কালীপূজা ভাগে এইবাৰ ৮৯ বৰ্ষত সোমাইছে। এই উপলক্ষে চাৰিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে কালীপূজা আৰু দীপাৱলীৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে।
তেওঁ কয় যে প্ৰতিকুল বতৰকো নেওচা দি হেজাৰ হেজাৰ মানুহ পূজা ভাগত উপস্থিত থাকি মাৰ আৰ্শীব্বাদ লবলৈ আহিছে। ই পূজা ভাগৰ প্ৰতি থকা আস্থাকে সূচাইছে।