ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক সমালোচনাৰে থকা সৰকা কৰিছে জনীয়া সমষ্টিৰ বিধায়ক ড০ ৰফিকুল ইছলামে। 

'ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নাই ৰাজনৈতিক যোগ্যতা। অখিল গগৈয়ে আজিকোপতি তেওঁৰ দল ৰেজিষ্টাৰ কৰিব পৰা নাই', অখিল সন্দৰ্ভত এই মন্তব্য কৰে। 

আনহাতে লুৰিণজ্যোতি গগৈক ক্লাৱৰ সভাপতি হিচাপে আখ্যায়িত কৰে জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলামে। 

ড৹ ৰফিকুল ইছলামে জনীয়াৰ পৰা তিনিবাৰৰ বিধায়ক হোৱা স্বত্বেও লুৰিণজ্যোতি গগৈয়ে জনীয়াৰ বিধায়কৰ নাম নজনা কাৰ্য্যই লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক পৰিপক্কতাৰ পৰিচয় দিছে বুলি লুৰিণজ্যোতি গগৈক তাচ্ছিল্য কৰে জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলামে।