অসম লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত সংযুক্ত প্ৰতিযোগিতামুলক পৰীক্ষাত বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনি কৃৰ্তিমানে লাভ কৰিছিল সফলতা।

সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছিল বিহপুৰীয়ালৈ। আজি বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিগৰাকী কৃৰ্তিমান ক্ৰমে মাৰ্টিন দেউৰী, প্ৰিয়ব্ৰত হাজৰিকা আৰু ভাস্কৰ পেগুক বিধায়কৰ সেৱা সদনত সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই।