দেৱালীৰ প্ৰস্তুতিৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
উত্তৰ প্ৰদেশৰ ইটাৱাৰ পৰা এই ভয়ংকৰ বাছ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। দেওবাৰে আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত এখন যাত্ৰীবাহী বাছ ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
যাৰ ফলত কমেও চাৰিজন লোকৰ মৃত্যু হয় আৰু ৪৫ জনৰো অধিক লোক আহত হয়। আহতসকলক চৈফাইৰ পিজিআই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
প্ৰতিবেদনত কোৱা হৈছে যে ঘটনাটো ইটাৱাৰ ওচৰত পুৱতি নিশা প্ৰায় ২.৩০ বজাত সংঘটিত হৈছিল। ডাম্পাৰৰ টায়াৰ এটা ফাটি গৈ দ্ৰুতবেগী বাছখনক পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।