পোহৰৰ উৎসৱ দিপাৱলীৰ আনন্দ উল্লাহৰ মাজতে অসম চৰকাৰে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ মৰগীয়া বানচ চাৰি শতাংশ বৃদ্ধিৰ ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা ঘোষণা কৰে।

‘ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰা হৈছে ৷ ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ'ব আৰু চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৃদ্ধি হোৱা মৰগীয়া বানচ লাভ কৰিব’, মুখ্যমন্ত্ৰী শৰ্মাই টুইটযোগে কয়।

চৰকাৰী কৰ্মচাৰীসকললৈ এই সুখবৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই লগতে ৰাজ্যবাসীলৈ পোহৰৰ উৎসৱ দীপান্বিতা তথা কালী পূজাৰ আন্তৰিক শুভেচ্ছা প্ৰদান কৰে।

উল্লেখ্য যে, ছেপ্টেম্বৰ মাহত কেন্দ্রীয় চৰকাৰে নিজৰ কর্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰাৰ পিছতেই অসমৰ মুখ্যমন্ত্রীয়ে এই সিদ্ধান্ত লয়।