সোণাৰি সৰু গাড়ী মালিক সন্থাক NSCN(K)ৰ ধন দাবী, এজাহাৰ দাখিল

নাগালেণ্ডৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন NSCN(K)য়ে সোণাৰি সৰু গাড়ী মালিক সন্থাৰ পৰা বছৰি ৰাজহ হিচাপে ৫ লাখ টকা দাবী কৰি এখনি ধন দাবী পত্ৰ প্ৰেৰণ কৰাৰ বিষয়ে জানিব পৰা গৈছে। উগ্ৰপন্থা সংগঠনটোৰ বিত্ত বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া লেফটেনেন্ট কৰ্ণেল মানলাই কন্যাকে গত ১০ অক্টোবৰত প্ৰেৰণ কৰা পত্ৰখনৰ যোগেদি দাবী কৰা ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশ দিয়া হৈছিল। আজি সমগ্ৰ বিষটো অৱগত কৰি ইয়াৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই সন্থাৰ তৰফৰ পৰা চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকক এক আবেদন দাখিল কৰা হৈছে।