দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ১৫ নং বৰদেউৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন কুমাৰ বৰাই ৷ জনগোষ্ঠীৰ সৰ্ববৃহৎ গাঁও তথা বৰদেউৰী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মহেন দেউৰীৰ চোতালত অনুষ্ঠিত নিৰ্বাচনী সভাখনত সভাপতি গৰাকীয়ে পৰিষদীয় নিৰ্বাচনৰ প্ৰধান প্ৰতিদ্বন্দ্বী শাসকীয় বিজেপি দলক চোকা সমালোচনাৰে নিৰ্বাচনত সমুচিত উত্তৰ দিবলৈ ৰাইজক আহ্বান জনায় ৷ সভাপতিগৰাকীয়ে বিজেপিক সমালোচনা কৰি আক্ৰমনৰ লক্ষ্য কৰি ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷
মুল্যবৃদ্ধিত কোঙা হোৱা সৰ্বসাধাৰণ জনতাক সকাহ দিয়াৰ পৰিবৰ্তে চৰকাৰৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হেলিকপ্তাৰেৰে ঘুৰা কাৰ্যক সমালোচনা কৰে ৷ লগতে চৰকাৰে নিৰ্বাচনৰ সময়ত জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা বুলি কয় সভাপতিগৰাকীয়ে ৷