কাজিৰঙাৰ পৰিবেশকৰ্মী মনোজ গগৈয়ে উদ্ধাৰ কৰিলে ১১ ফুট দৈৰ্ঘ্যৰ ৰজা ফেঁটী। কাজিৰঙাৰ গেলেকী মিকিৰগাৱৰ এঘৰত এজনী মহিলাই দুপৰীয়া জিৰণি লোৱাৰ সময়ত মূৰৰ ওপৰত প্ৰত্যক্ষ কৰে ১১ ফুট দৈৰ্ঘ্যৰ এডাল ৰজা ফেঁটী।পৰৱৰ্তী সময়ত মনোজ গগৈক উদ্ধাৰৰ বাবে যোগাযোগ কৰা হয়। মনোজ গগৈয়ে সাপডাল উদ্ধাৰ কৰি পিছত বনত এৰি দিয়ে।