বিশ্বনাথৰ পৰা এজন যুৱকক বাংগালুৰুত কাম দিয়াৰ প্ৰলোভনৰে কাশ্মীৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।উল্লেখ যে বিশ্বনাথৰ বিহালী সমষ্টিৰ বৰঝাৰনি গাঁৱৰ হৰিশ প্ৰজা নামৰ যুৱকজন পাঁচ বছৰ বয়সৰ পৰাই বিশ্বনাথ চাৰিআলি মধুপুৰ নিবাসী প্ৰদ্যুত শৰ্মাৰ ঘৰতে ডাঙৰ দীঘল হৈছিল। হৰিশ পজা নৱম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছতে প্ৰদ্যুত শৰ্মাৰ কাপোৰ দোকানখন চোৱা চিতা দায়িত্ব গ্ৰহণ কৰে।

কিন্তু যোৱা ৫ জুলাইত হৰিশ পজা নিজৰ পিতৃ মাতৃৰ বৰঝাৰণি ঘৰলৈ যাও বুলি ওলাই যায়।কিন্তু হৰিশ ঘৰলৈ যোৱাৰ পৰিৱৰ্তে নিৰুদ্দেশ হয়।ইফালে বিশ্বনাথৰ অভিভাৱক হিচাপে থকা প্ৰদ্যুত শৰ্মাই হৰিশক উভতি নহা দেখি ফোন যোগে যোগাযোগ কৰিব বিচাৰে যদিও হৰিশৰ মবাইলটোৰ ছুইটচ অফ বুলিহে দেখায়।হৰিশৰ পিতৃ মাতৃক প্ৰদ্যুত শৰ্মাই ফোন কৰাৰ পিছতহে শৰ্মাই জানিব পাৰে যে হৰিশ নিজৰ ঘৰলৈ যোৱা নাই।এই খৱৰৰ পিছতে প্ৰদ্যুত শৰ্মা আৰু হৰিশৰ পিতৃ মাতৃ চিন্তিত হৈ পৰে।

ইতিমধ্যে হৰিশৰ মবাইল নম্বৰৰ পৰা প্ৰদ্যুত শৰ্মালৈ ফোন আহে আৰু সিফালৰ পৰা হৰিশে প্ৰদ্যুত শৰ্মাক জানিবলৈ দিয়ে যে কোনো এজন লোকে হৰিশক কামৰ প্ৰলোভন দি বংগালুৰুলৈ বুলি কৈ কাশ্মীৰলৈ লৈ যায়।কাশ্মীৰৰ এটা গুডামত হৰিশক কামত নিয়োগ কৰা হৈছে।কিন্তু গুডামৰ ভিতৰতে এতিয়া হৰিশে পুৱাৰ পৰা নিশা পৰ্যন্ত কাম কৰিব লাগে আৰু কাষতে এটা কোঠাত নিশা থাকিবলৈ দিয়ে বুলি জনায়।খোৱা বোৱাৰ কোনো অসুবিধা পোৱা নাই যদিও বৰ্তমান হৰিশে কিন্তু চাৰি বেৰৰ মাজতে পুৱাৰ পৰা নিশা পৰ্যন্ত পাৰ কৰিব লগীয়া হৈছে।ইফালে কৰ্মস্থলীৰ মালিকে পলাব বিচাৰিলে কথা বেয়া হব বুলি সকীয়নি দিয়াৰ লগতে হৰিশক থৈ যোৱা মানুহ জনে টকা লৈ যোৱা বুলিও জনায়।বৰ্তমান হৰিশ নিশ্চিত হয় যে তেওঁক কাম দিম বুলি লৈ যোৱা ব্যক্তিজনে হৰিশক কাশ্মীৰত বিক্ৰী কৰি থৈ পলায়ন কৰিছে।কেৱল হৰিশেই নহয়,হৰিশৰ লগত আৰু পাঁ‌চজন যুৱক আৰু এগৰাকী যুৱতীকো দালালজনে প্ৰলোভন দি কাশ্মীৰলৈ লৈ গৈছিল যদিও তেওঁলোকৰ অৱস্থিতি এতিয়া হৰিছৰ জ্ঞাত নহয়।

এইদৰে হৰিশে কাশ্মীৰৰ পৰা ফোন যোগে বিশ্বনাথৰ প্ৰদ্যুত শৰ্মাক এই সমষ্ট ঘটনা অৱগত কৰাত শৰ্মাই হৰিশৰ পৰিয়ালৰ সহযোগত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছে যদিও আজিৰ পৰা হৰিশৰ মবাইলৰ ছুইট্চ অফ হোৱাত পুনৰ পৰিয়াল চিন্তিত হৈ পৰিছে। বিশ্বনাথ আৰক্ষীক হৰিশক কাশ্মীৰৰ পৰা উদ্ধাৰ কৰিবলৈ আৱেদন জনাইছে পৰিয়ালবৰ্গই।