সোণাৰিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

সোণাৰিত বনৰীয়া হাতীৰ মৃত্যু অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই অহা হাতীৰ মৃতদেহ উদ্ধাৰ ।সোণাৰিৰ নাফুক চাহ বাগিচাৰ ৮ নং লাইনত উদ্ধাৰ হাতীটোৰ মৃতদেহ। বিদ্যুৎপৃষ্ঠ হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। মন কৰিবলগীয়া যে, খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ধান খেতি প্ৰতিবছৰে অনিষ্ট কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত খেতি পথাৰৰ শস্য সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাইজে পথাৰত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি ৰাখে। এই তাঁৰত লাগিয়েই হাতীটো বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে