খড়গপুৰ আই আই টিত অসমৰ ছাত্ৰৰ মৃত্যু হোৱা খবৰে তোলপাৰ লগাইছিল সকলোফালে। 

তিনিচুকীয়া জিলাৰ ফাইজান আহমেদ নামৰ এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যুৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল সামাজিক মাধ্যমত।

সেই ঘটনা সন্দৰ্ভতেই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ২০ অক্টোবৰ তাৰিখে পত্ৰ প্ৰেৰণ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ।

ছাত্ৰগৰাকীৰ মৃত্যু সন্দৰ্ভত পুংখানুপুংখ অনুসন্ধানৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ফাইজান আহমেদ খড়গপুৰ আই আই টিৰ তৃতীয় বৰ্ষৰ মেকানিকেল ইঞ্জিনিয়াৰৰ ছাত্ৰ আছিল। ১৪ অক্টোবৰত ছাত্ৰাবাসৰ কোঠাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰ গৰাকী।

ইয়াৰ পিছত ছাত্ৰগৰাকীৰ পৰিয়ালে পশ্চিমবংগৰ খড়গপুৰ আৰক্ষী থানাত গোচৰো তৰিছিল।

সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পেলোৱা সেই ঘটনাৰেই যথাসম্ভৱ তদন্তৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হস্তক্ষেপ কামনা কৰি হিমন্ত বিশ্ব শৰ্মাই এক পত্ৰ প্ৰেৰণ কৰিছে।