গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত 'প্ৰজেক্ট সমৃদ্ধিৰ' লগত সংগতি ৰাখি 'সমৃদ্ধি উৎসৱ 2022' গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা 27 অক্টোবৰ পৰা 2 নৱেম্বৰ লৈকে বিদ্যায়তনিক আৰু সহ বিদ্যায়তনিক বৰ্ণাঢ্য কাৰ্যূচীৰে এই সমৃদ্ধি উৎসৱ অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰী সকলৰ সামগ্ৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সমৃদ্ধি উৎসৱ 2022 ত থাকিব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা, ছাত্ৰ ছাত্ৰীৰ কলা আৰু সাংস্কৃতিক প্ৰদৰ্শন, যুৱ সাহিত্যিকৰ সৈতে অন্তৰংগ আলাপ আলোচনা,বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান,তৰ্ক প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা, ব্যক্তিত্বৰ সন্ধান প্ৰতিযোগিতা,ক্ৰীড়াৰ দিন, কবি-কানন আৰু লেখিকা সমাৰোহৰ অনুষ্ঠান,মাৰাথন,দেহশ্রী প্ৰতিযোগিতা,কেৰিয়াৰ কাউনচেলিং, অৱসৰপ্ৰাপ্ত শিক্ষক সকলৰ অনুষ্ঠান ইত্যাদি জাক-জমকীয়া কাৰ্যসূচীৰে এই সমৃদ্ধি উৎসৱটি অনুষ্ঠিত কৰা হৈছে।

          প্ৰথম দিনা দিনৰ ভাগত গহপুৰ কবি-কানন আৰু লেখিকা সমাৰোহৰ অনুষ্ঠান ৰখা হৈছে। সন্ধিয়া বাৰে-ৰহনিয়া সাংস্কৃতিক অনুষ্ঠান।

            দ্বিতীয় দিনা যুৱ সাহিত্যিকৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকিব কেইজন মান জনপ্ৰিয় গল্পকাৰ আৰু যুৱ সাহিত্যিক, ৰাতিলৈ বিচিত্ৰানুষ্ঠান।

           তৃতীয় দিনা দিনৰ ভাগত তৰ্ক প্ৰতিযোগিতা। প্ৰতিযোগিতাখনি দুটা শাখাত অনুষ্ঠিত কৰা হ'ব। ষষ্ঠ মানৰ পৰা অষ্টম মানলৈ এটা শাখা,বিষয়বস্তু হ'ব-"অনলাইন শিক্ষা ব্যৱস্থাই ছাত্র-ছাত্ৰীৰ শৈক্ষিক উত্তৰণত সহায় কৰিছে" আৰু দ্বিতীয় শাখা থাকিব নৱম মানৰ পৰা স্নাতকোত্তৰ পৰ্যায় লৈকে,বিষয়বস্তু হ'ব-"চাকৰিমুখী মানসিকতাই আমাৰ সমাজৰ অৰ্থনৈতিক উত্তৰণত প্ৰাচীৰ ৰূপে থিয় দিছে।" সন্ধিয়ালৈ আছে এক আকৰ্ষণীয় অনুষ্ঠান-৬ ৰ পৰা ১৪ বছৰ বয়সলৈকে personality of the year, boy and girl.

          ৩০/১০/২০২২ তাৰিখে আছে কুইজ প্ৰতিযোগিতা,নৱম মানৰ পৰা মহাবিদ্যালয় পৰ্যায় লৈকে । ৰাতিলৈ আছে সাংস্কৃতিক অনুষ্ঠান।

            ৩১/১০/২০২২ তাৰিখে পুৱা ৬ বজাত আছে মাৰাথন প্ৰতিযোগিতা -"জ্ঞানৰ বাবে স্বাস্থ্য।"আৰু ক্ৰীড়াদ্যোমী সকলৰ লগত ছাত্র-ছাত্ৰীৰ মত বিনিময়। ৰাতিলৈ আছে আকৰ্ষণীয় অনুষ্ঠান-"দেহশ্রী প্ৰতিযোগিতা"

           ১/১১/২০২২ তাৰিখে আছে মাৰ্গ দৰ্শন অনুষ্ঠান । ৰাতিলৈ আছে সাংস্কৃতিক অনুষ্ঠান।

          ২/১১/২০২২ তাৰিখে আছে অৱসৰ প্ৰাপ্ত শিক্ষক সকলৰ অনুষ্ঠান । ৰাতিলৈ আছে বটা-বিতৰণী অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠান।

         ইয়াৰ উপৰিও সমৃদ্ধি উৎসৱত থাকিব আকৰ্ষণীয় অনুষ্ঠান যেনে -

১)থলুৱা খাদ্যৰ বিপনী

২)বাণিজ্য মেলা 

৩)আকাশ চোৱা অনুষ্ঠান - "জোনবাইয়ে বেজী এটা দিয়া"

৪) কলা,বিজ্ঞান,স্থাপত্য আৰু স্থিৰ চিত্ৰ প্ৰদৰ্শনী

৫)নৰ্থ ইষ্ট এডভেন্সাৰ এছ'চিয়েচনৰ দ্বাৰা দু:সাহসিক ক্ৰীড়া প্ৰদৰ্শন।

         এই অনুষ্ঠান সমূহ উপভোগ কৰিবলৈ তথা অংশগ্ৰহণ কৰিবলৈ সমূহ গহপুৰবাসী ৰাইজক গহপুৰ মহকুমা প্ৰশাসন তৰফৰ পৰা আদৰৰে নিমন্ত্ৰণ জনোৱা হ'ল ।