স্বাধীনতা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ প্ৰতিখন সৰু-বৰ মাদ্ৰাছাৰ প্ৰতি অসম ৰাজ্যিক জমিয়ত উলেমাৰ এক বিশেষ আহবান।
অহা ১৩, ১৪ আৰু ১৫ আগষ্টত ৰাজ্যৰ প্ৰতিখন সৰু-বৰ মাদ্ৰাছা কৰ্তৃপক্ষক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহবান জনাইছে উলেমাই।
লগতে ৰাজ্যৰ সকলো ইছলামধৰ্মী লোকক নিজ গ়ৃৃহত তিনি দিনীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰো আহবান ৰাজ্যিক জমিয়ত উলেমাৰ।
প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আহবানৰ প্ৰতি সহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক জমিয়ত উলেমাই।
এক ভিডিঅ বাৰ্তা প্ৰেৰণেৰে এই আহ্বান জনাইছে ৰাজ্যিক জমিয়ত উলেমাৰ সাধাৰণ সম্পাদক আব্দুৰ ৰচিদ কাচিমীয়ে।