সম্প্ৰতি পানী যোগান ব্যৱস্থাত ৭০ শতাংশ গুৱাহাটীবাসী নাগৰিক বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে৷ যিখিনি যোগান ধৰা হৈছে, সেয়াও মুঠেই নিয়মীয়া নহয় আৰু খোৱাৰ অনুপযোগী-এই দৰে কয় গুৱাহাটীৰ মহানগৰ উন্নয়ন সমিতিৰ উপ-সভাপতি টিকেন দাসে৷ মঙলবাৰে মহানগৰ উন্নয়ন সমিতিৰ গুৱাহাটীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-পানী যোগানৰ ব্যক্তিগত ব্যৱসায় ৰমৰমীয়া হৈ পৰিছে৷ পানীৰ বাবে গুৱাহাটীৰ একোটা পৰিয়ালে মাহে পাঁচ হাজাৰৰ পৰা দহ হাজাৰ পৰ্যন্ত অতিৰিক্ত ব্যয় বহন কৰিবলৈ বাধ্য হৈছে৷ গুৱাহাটীৰ পানী যোগানৰ বাবে ২০০৯ চনতে আৰম্ভ কৰা চাৰিটা প্ৰকল্পৰ কাম প্ৰশাসনৰ দায়িত্বহীনতা, দুৰ্নীতি আদিৰ বাবে যোৱা চৈধ্যটা বছৰে অসমাপ্ত হৈ আছে৷ জালুকবাৰীৰ দক্ষিণ পশ্চিম প্ৰকল্পৰ কাম ৭২ শতাংশ কৰি ১৬ শতাংশ কামৰ ধন আদায় কৰাৰ পাছত ঠিকাদাৰী প্ৰতিষ্ঠান গেমন ইণ্ডিয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ সলনি বাকীখিনি কামৰ পৰা অব্যাহতি দি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ প্ৰতি ৰেহাই আগবঢ়োৱা হৈছে৷ দেখ দেখকৈ ইয়াৰ লগত বিয়াগোম দুৰ্নীতি জড়িত হৈ আছে৷ আন তিনিটা প্ৰকল্পৰ কামো বিশেষ আগবঢ়া নাই৷ পানী যোগান ধৰিব পাৰক নোৱাৰক, গুৱাহাটী পৌৰ নিগমে গুৱাহাটীবাসীৰ পৰা সম্পত্তি কৰৰ লগত পানীৰ নামত নিয়মীয়াকৈ কৰ আদায় কৰি আছে৷ খোৱাপানীৰ যোগানৰ দৰে মৌলিক অধিকাৰৰ বিষয়টোত ৰাজ্য চৰকাৰৰ লগতে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, জলব ইত্যাদি বিভাগে চূড়ান্ত নিৰ্লিপ্ততা, দায়িত্বজ্ঞানহীনতা প্ৰদৰ্শন কৰি আহিছে৷ প্ৰশাসনে পানী যোগান ধৰাত ব্যৰ্থ হোৱাৰ ফলত জনসাধাৰণে কৰা গভীৰ নলীনাদ আদিৰ জৰিয়তে নিজাববীয়াকৈ পানীৰ ব্যৱস্থা কৰিবলগীয়া হৈছে৷ আশ্চৰ্যজনক ভাবে এনে অৱস্থাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভূ-জল অয়োগে ভূগৰ্ভস্থ পানী উত্তোলনকাৰীসকলৰ বাবে পঞ্জীয়ন বাধ্যতামূলক বুলি ৰাজহুৱা জাননী জাৰি কৰিছে৷ উক্ত জাননীত ১০ হাজাৰ টকা পঞ্জীয়ন মাচুল, ১ লাখ টকা জৰিমনা আৰু পানীৰ মিটাৰ বহুৱাই নিৰ্দিষ্ট হাৰত পানীৰ মাচুল আদায়ৰ নিৰ্দেশ জাৰি কৰা হৈছে৷ সংবিধানত পানী ৰাজ্যৰ তালিকাত অন্তৰ্ভূক্ত হোৱা সত্বেও কেন্দ্ৰীয় চৰকাৰৰ জাননীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো প্ৰতিবাদ কৰা নাই৷ স্বায়ত্তশাসিত গুৱাহাটী পৌৰ নিগমৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ৰাজ্য চৰকাৰে সম্পত্তি কৰ আদায়ৰ বাবে বেচৰকাৰী প্ৰতিষ্ঠানক নিয়োগ কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে৷ জনসাধাৰণৰ প্ৰবল আপত্তিৰ পাছত ইয়াক সাময়িকভাৱে স্থগিত ৰাখিছে যদিও ইয়াক প্ৰত্যাহাৰ কৰা হোৱা নাই৷ বৰঞ্চ পুনৰ প্ৰৱৰ্তনৰ বাবেহে মুকলি ৰখা হৈছে৷ আমি গুৱাহাটীৰ সম্পত্তি কৰ নিৰ্ধাৰণত ইউনিট এৰিয়া মেথড অনুসৰণ কৰিবলৈ দাবী জনাই আহিছো৷ গুৱাহাটীৰ বাহিৰে অসমৰ আন চহৰসমূহত ২০১১ চনৰ পৰাই ইউনিট এৰিয়া মেথড কাৰ্যকৰী হৈছে৷ ফলত ৰাজ্যত দুই ধৰণৰ সম্পত্তি কৰ ব্যৱস্থা চলি আছে অৰু গুৱাহাটীবাসী এই ক্ষেত্ৰত বৈষম্যৰ বলি হৈছে৷ যোৱা ছেপ্টেম্বৰ মাহত এপিডিডিএলে গ্ৰাহকলৈ ডেৰ গুণৰ পৰা দুগুণ অধিক হাৰত বিদু্যৎ বিল প্ৰেৰণ কৰাত গুৱাহাটীবাসী হতভম্ভ হৈ পৰে৷ বিদু্যৎ বিল অত্যধিক হাৰত বৃদ্ধি পোৱাৰ কাৰণ সম্পৰ্কে এপিডিডিএল, মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে বেলেগ ব্যাখ্যা আগবঢ়ায়, আৰু বহু ক্ষেত্ৰত উক্ত ব্যাখ্যাসমূহ পৰস্পৰ বিৰোধী আছিল৷ যোৱা সময়ছোৱাত বিদু্যৎ মাচুল বৃদ্ধি কৰাৰ বিষয়টো তীব্ৰ জনৰোষত পৰি ৰাজ্য চৰকাৰে লুকুৱাৰ বিচাৰিছিল আৰু ত্ৰুটিযুক্ত বিদ্য়ুৎ মিটাৰৰ ওপৰত দোষ জাপি জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল৷ এপিডিডিএলে যোগান ধৰা বিদু্যৎ মিটাৰসমূহৰ মাত্ৰ ত্ৰিশ শতাংশ পৰীক্ষা কৰি যোগান ধৰা হয়, বাকি ৭০ শতাংশই পৰীক্ষা কৰা নহয়৷ কিন্তু এশ শতাংশ গ্ৰাহকলৈকে বৰ্ধিত বিদু্যৎ বিল প্ৰেৰণ কৰা হৈছিল৷ এই সময়ছোৱাতে গুৱাহাটীত অহা ৩১ অক্টোবৰৰ ভিতৰত বিদ্যুৎ বিলৰ লগত হল্ডিং নম্বৰ সংযোগ কৰিবলৈ নিৰ্দেশ জাবি কৰি গুৱাহাটীবাসীক আন এক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়া হৈছে৷ উক্ত দাবীসমূহ পূৰণৰ বাবে ২১ অক্টোবৰত মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীৰ উদ্যোগত চচল বিক্ষোভ স্থলীত দিনৰ ১১ বজাত বিক্ষোভ-ধৰ্ণাৰ আহবান জনাইছে৷ উক্ত বিক্ষোভত গুৱাহাটীৰ সকলো উন্নয়ন সমিতি ইচ্ছুক ব্যক্তিক অংশগ্ৰহণ কৰিবলৈ মহানগৰ উন্নয়ন সমিতিয়ে আমি আহ্বান জনাইছো৷ ‘সংবাদ মেলত মহানগৰ উন্নয়ন সমিতি গুৱাহাটীৰ কাৰ্যকৰী সভাপতি মছদ্দৰ হুছেইন সম্পাদক বীৰেণ শৰ্মা উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પી કે એસ હાઈસ્કૂલ ડેરોલ સ્ટેશનમાં વાર્ષિક પારિતોષિક વિતરણ અને બે શિક્ષકો નો વિદાય કાર્યક્રમ યોજાયો.
ડેરોલ સ્ટેશન વિકાસ મંડળ સંચાલિત શ્રી પાનાચંદ ખેમચંદ સાર્વજનિક હાઇસ્કુલ. ડેરોલ સ્ટેશન ખાતે...
December में खरीदना है Mahindra XUV 3XO का MX2 Pro वेरिएंट, 2 लाख Down Payment के बाद हर महीने जाएगी इतनी EMI
Car Finance Plan Mahindra की ओर से Compact SUV सेगमेंट में XUV 3XO को ऑफर किया जाता है। अगर आप भी...
प्रतिबंध का सामना कर रहे यात्रियों की अपील को सुनने के लिए समिति का हो गठन, दिल्ली HC ने DGCA को दिया निर्देश
नई दिल्ली, दिल्ली उच्च न्यायालय ने डीजीसीए को यात्रा प्रतिबंध का सामना कर रहे यात्रियों की...
લ્યો અંબાજીમાં સાહેબે પાન મસાલા નીમોજમાં રહી દબાણો દૂર કર્યાસાહેબને એ ન દેખાયું કે રોડમાં ખાડાકેટલા
લ્યો અંબાજીમાં સાહેબે પાન મસાલા નીમોજમાં રહી દબાણો દૂર કર્યાસાહેબને એ ન દેખાયું કે રોડમાં ખાડાકેટલા
Sandesh News LIVE: PM Modi in Gujarat | Mulayam Singh Yadav Passed Away | Heavy rain | Gujarat Polls
Sandesh News LIVE: PM Modi in Gujarat | Mulayam Singh Yadav Passed Away | Heavy rain | Gujarat Polls