এইবাৰ বিদ্যালয়ত পৰিচালনা সমিতিৰ সভা চলি থকা সময়তে সভা এৰি পলাল বিদ্যালয়ৰ প্ৰধান শিক্ষক ।On Camera ছাৰৰ কিয় এই পলায়ন চাও আহক।

ৰঙা বাইকত ছাৰৰ তীব্ৰবেগী যাত্ৰা।ছাৰক ৰবলৈ সাংবাদিকৰ বাৰাম্বাৰ অনুৰোধ। নাই ছাৰে নুশুনে কেৱল তীব্ৰ বেগত বাইক চলাই গৈ আছে। আচলতে বাইকত গৈ থকা এইগৰাকী গোলাঘাট কছাৰীহাট হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰশান্ত ডেকা।বুধবাৰে বিদ্যালয়খনত অনুষ্ঠিত হৈছিল পৰিচালনা সমিতিৰ সভা। কাৰণ বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰশান্ত ডেকাৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ।প্ৰশান্ত ডেকাক এই সন্দৰ্ভত পৰিচালনা সমিতিয়ে জেৰা অব্যাহত ৰখা সময়তে সভাৰ পৰা পলাল ছাৰ। পলাল মানে নিজৰ বাইক লৈ একেবাৰে থানাই পালেগৈ ছাৰ। অভিযোগ অনুসৰি ২০১৭ চনৰ পৰা বৰ্তমানলৈকে প্ৰশান্ত