বহু প্ৰতীক্ষিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ নিৰ্বাচনৰ আজি ফলাফল ঘোষণা কৰা হ’ল। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল মল্লিকাৰ্জুন খাৰ্গে।

২৪ বছৰৰ অন্তত এইবাৰ গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তি হ’ব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি। এই নিৰ্বাচনত নাকচ হৈছে ৪১৬ টা ভোট। সভাপতিৰ নিৰ্বাচনত মল্লিকাৰ্জুন খাৰ্গেয়ে লাভ কৰিছে ৭৮৯৭ টা ভোট।

আনহাতে শশী থাৰুৰে লাভ কৰিছে ১০৭২ টা ভোট। দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সম্পন্ন হ’ল ৯৪৯৭ টা ভোটৰ গণনা।

এক বিশাল ভোটৰ ব্যৱধানত জয়ী হোৱাৰ পিছতে মল্লিকাৰ্জুন খাৰ্গেয়ে দলত প্ৰাণ সঞ্চাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।