মৰাণত টাইপাৰ উদ্যোগত চাঁও লুঙ চুকাফা বৰ অসম সমন্বয় বঁটা চলিত বৰ্ষৰ কাৰণে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ নাম ঘোষনা কৰিছে।আজি মাহমৰাৰ মৰাণ নগৰৰ এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা ঘোষনা কৰেটাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে। তেঁও কয় যে স্বৰ্গদেউ চাও লুং চুকাফাই গঢ়ি যোৱা বৰ অসমৰ ভেটি সুদৃঢ় কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰী সুদৃঢ় কৰাৰ উদ্দেশ্যে এই বঁটা চলিত বৰ্ষৰ পৰা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। অহা ১আৰু ২ ডিচেম্বৰত টাইপাৰ মৰাণ মহকুমা সমিতি আৰু আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰত অনুস্থিত হ'ব লগা কেন্দ্ৰীয় চুকাফা দিৱসৰ কাৰ্য্যসূচীত এইবঁটা প্ৰদান কৰা হ'ব।
মৰাণৰ সংবাদ মেলত টাইপাৰ ঘোষনা, চুকাফা সমন্বয় বঁটা ২০২২ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক প্ৰদান কৰিব
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/10/nerity_f43f1a536ca4ef159c535befa4123ff6.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)