ৰাজ্যত অব্যাহত আছে জেহাদী বিৰোধী অভিযান। সোমবাৰে নলবাৰী আৰু তামুলুপুৰ আৰক্ষীয়ে চাৰিজনকৈ লোকক জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুনৰ নলবাৰীত গ্ৰেপ্তাৰ হৈছে আৰু এজন লোক।

নলবাৰী আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত আল্লিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে এজনক। 

জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱকজনক জুবিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে সোমবাৰে নলবাৰী আৰক্ষীয়ে ঘগ্ৰাপাৰৰ নাৰায়ণপুৰৰ পৰা আবু ৰায়হান আৰু হাবেল আলী নামৰ দুজনক আৰু তামুলপুৰ আৰক্ষীয়ে চাদেক আলী আৰু আন এজনক গ্ৰেপ্তাৰ কৰিছিল। 

ইফালে বজালীৰ কৰাগাড়ী গাঁৱৰ পৰাও এজন জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে। বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুস্তাফিজুৰ ৰহমান নামৰ জেহাদীজনক৷

বৰপেটা আৰক্ষীয়ে ভৱানীপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে জেহাদী মুস্তাফিজুৰ ৰহমানক। মুস্তাফিজুৰ ৰহমানৰ কৰাগাড়ী গাঁৱত আছে এখন কম্পিউটাৰৰ দোকান৷

তামুলপুৰ আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰা চাদেক আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি পুৱা বৰপেটা আৰক্ষীয়ে বজালীৰ কৰাগুৰি গাঁৱত অভিযান চলাই জেহাদীজনক গ্ৰেপ্তাৰ কৰে।