ছিপাঝাৰত দূৰ্নীতিবিৰোধী যুৱশক্তিৰ অৱস্থান ধৰ্মঘট।

ছিপাঝাৰত বান সাহাৰ্যৰ ধন বিতৰণত কেলেংকাৰী গাওঁ প্ৰধান আৰু লাট মণ্ডলৰ।

স'লপাম আৰু শিঙিমাৰীৰ গাওঁ প্ৰধান আৰু লাট মণ্ডলৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী।

অৰুণোদয় আঁচনি আৰু কৃষক সন্মান নিধিৰ পুণৰীক্ষণ আৰু আঁচনিৰ ক্ষেত্ৰত হোৱা দূৰ্নীতিৰ তদন্ত বিচাৰি তিনি ঘন্টীয়া অনশন ধৰ্মঘটত বহিছে দূৰ্নীতিবিৰোধী যুৱ শক্তি অসমৰ দৰং জিলা সমিতিৰ একাংশ সদস্য।

মঙলবাৰে স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত বহি অনতিপলমে এই দূৰ্নীতি-অনিয়মৰ তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

ধৰ্মঘটৰ অন্তত ৰাজহ চক্ৰ বিষয়াগৰাকীৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।