উপায়ুক্তৰ অধ্যক্ষতাত জিলা কেঁচা চাহপাতৰ মূল্য নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত

চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা কেঁচা চাহপাতৰ মূল্য নিৰীক্ষণ সমিতি (District Green Leaf Price Monitoring Committee)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। 

জিলাখনৰ চাহ-বাগিচাসমূহৰ কৰ্তৃপক্ষ, বট-লিফ ফেক্টৰি সন্থাৰ প্ৰতিনিধিবৰ্গ আৰু ক্ষুদ্ৰ চাহ-খেতিয়ক সন্থাৰ বিষয়-ববীয়া সকলৰ সৈতে হোৱা এই বৈঠকত উপায়ুক্ত গৰাকীয়ে ইতিপূৰ্বে ৪০শতাংশ গুণৰ বাবে নিৰ্ধাৰিত ২৭ টকাৰ ন্যূনতম সমৰ্থন মূল্যত কেঁচা চাহ পাত ক্ৰয়ৰ পোষকতা কৰে। তেওঁ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চাহ পাতৰ গুণগত মানদণ্ডৰ লগত কোনোধৰণৰ আপোচ নকৰিবলৈ আহ্বান জনায়। তেওঁ চাহ পাতৰ গুণ উন্নত ৰাখিবলৈ চাহ উৎপাদক সকলক কয়। তেওঁ লগতে টি বৰ্ড ভাৰতৰ বিষয়াক জিলাখনত শেহতীয়াভাৱে অভিযোগ উত্থাপিত কেঁচা চাহ পাতৰ ক্ৰমহ্রাসমান মূল্যৰ সন্দৰ্ভত ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ কয়। 

আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু সহকাৰী আয়ুক্ত সমুজ্বল বড়া উপস্থিত থাকে।