চৰাইদেউ নামতোলাত আবকাৰীৰ অভিযান, অবৈধ সুৰা, ভাতী ধ্বংস
চৰাইদেউ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । সোমবাৰেও পুৱাৰ ভাগত জিলাখনৰ সোণাৰি আবকাৰী চক্ৰৰ পৰিদৰ্শকৰ নেতৃত্বত আবকাৰী অভিযানকাৰী দলে নামতোলা আৰক্ষীৰ সহযোগত জিলাখনৰ আচনিবিল আৰু দাঁতিকাষৰীয়া অঞ্চলত এক অভিযান চলায়। অভিযানকালত দলটোৱে কেইবাটাও স্থানত অসাধু চুলাই মদৰ ব্যৱসায়ীয়ে পাতি লোৱা চুলাইৰ ভাতী উচ্ছেদ কৰাৰ লগতে প্ৰায় ২০০০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ , ২টা সুৰা তৈয়াৰত ব্যৱহৃত যন্ত্ৰ জব্দ কৰাৰ লগতে প্ৰায় ২০ লিটাৰ বিক্ৰীৰ বাবে ৰখা চুলাই জব্দ কৰি নষ্ট কৰে । অভিযানকাৰী দল যোৱাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকল পলাই সাৰে। এই সন্দৰ্ভত অবৈধ সুৰাৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুঠ ২ টা গোচৰ ৰুজু কৰা হয় বুলি জানিব পৰা গৈছে।