তিনিদিনীয়া কাৰ্য্যসূচী লৈ কালি সমষ্টিত উপষ্ঠিত হৈছেহি যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন আজমল ৷ সমষ্টিত উপস্থিত হৈ তেওঁ কালি হোজাইৰ নিলবাগানত আজমল ফাউণ্ডেচনৰ দ্বাৰা নীলবাগান আজমল কলেজত অনুষ্ঠিত হোৱা এখন সভাত ভাগ লয় ৷ 

সভাত তেওঁ এমাহমান পূৰ্বে তেওঁলোকৰ ব্যক্তিগত সংস্থা আজমল ফাউণ্ডেচনৰ দ্বাৰা বিতৰন কৰা ই-ৰিক্সা সমূহৰ গৰাকীৰ লগত মিলিত হৈ আয় উন্নতি সম্পৰ্কে আলোচনা কৰে ৷ লগতে যি সকলে অতি সময়ৰ ভিতৰত অধিক উন্নতি কৰিব পাৰিছে সেই সকলক গামোছা পিন্ধাই সম্বৰ্ধনা জনাই বিধায়ক চিৰাজ উদ্দিন আজমলে ৷ আনহাতে যি সকলে ই-ৰিক্সা লৈ উন্নতি কৰাক পৰিবৰ্তে নিজৰ ঘৰতে বহি আছে সেই সকলক কঠোৰ সকিয়নি দি তেওঁলেকে এই পন্থা নেৰিলে অতিশীঘ্ৰে তেওঁলোকৰ পৰা ৰিক্সা সমূহ লৈ আনি আন বেলেগক দিয়া হব বুলিওঁ কয় বিধায়ক ৷ সভাতেই সমষ্টিবাসী, আৰু দেশবাসীৰ মংগল কামনাৰ্থে নেদেখাজনৰ ওচৰত দোৱা প্ৰাৰ্থনাওঁ কৰে ৷ 

আনহাতে দীৰ্ঘদিনৰ অন্তত সমষ্টি উপস্থিত হোৱা বিধায়ক গৰাকীক এগৰাকী বৃদ্ধা মহিলাই লগ পাব বিচাৰে যদিওঁ তেওঁ ততাতৈয়াকৈ তাৰ পৰা আতৰি যায় ৷ ইয়াকো লৈ বিভিন্ন জনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ 

ইফালে সদায় বিতৰ্কৰ চৰ্চাত থকা বিধায়ক গৰাকীয়ে আজিওঁ তেওঁৰ কিছু কৰ্মকাণ্ডই পুনৰ চৰ্চালৈ আহিছে ৷ সভাত আয়েজকে তেওঁক খাবলৈ দিয়া শুকান ফলমূলত বেয়া পিস্তা বাদাম ওলোৱাত তেওঁ মূকলি সভাতেই আয়োজককো চোকা সমালোচনা কৰে ৷ আনহাতে যুৱ প্ৰজন্মকো উৎসাহিত কৰাৰ লক্ষ্যৰে এজন কম বয়সীয়া কিশোৰৰ লগত চেলক্ষি উঠা আৰু তেওঁৰ ব্লগটো শ্বেয়াৰ আৰু চাবচক্ৰাইবাৰ কৰাক কথা কোৱা বিষয়টোৱে বিশেষ তাতপৰ্য্য বহন কৰিছে ৷ 

আনহাতে সদ্য ঘোষিত চৰকাৰৰ পথ পকীকৰনৰ তালিকাত যমুনামুখ সমষ্টিৰ এটি পথৰ নাম থকা বিষয় সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে কয় যে অতি শীঘ্ৰে কিছুমান বিশেষ সমষ্টিৰ পথ পকীকৰনৰ দ্বিতীয়খন তালিকা চৰকাৰে প্ৰকাশ কৰিব তাত নিশ্চয় সমষ্টিৰ বহু কেইটা পথৰ নাম থাকিব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷