নামনি পাতৃচুক আৰু মাজপাতৃচুক গাঁৱত ৫১ সংখ্যক TMPK ৰ প্ৰতিষ্ঠা দিৱস উদযাপন।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
১৬ অক্টোবৰ তাৰিখে মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন TMPK ৰ প্ৰতিষ্ঠা দিৱসটি সমগ্ৰ ৰাজ্যজুৰি মিচিং অধ্যুষিত অঞ্চল সমূহত উদযাপন কৰা হৈছে।
সমান্তৰালভাৱে শনিবাৰ আৰু দেওবাৰে মাজপাতৃচুক দঃলুং কেবাং আৰু অভ্যৰ্থনা সমিতিৰ উদ্যোগত মাজপাতৃচুক গাঁৱৰ কৃষ্টি ভৱনৰ প্ৰাংগণত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।
কাৰ্যসূচী অনুসৰি শনিবাৰে ক্ৰীড়া প্ৰতিযোগিতা, সাহিত্য, কুইজ প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰতিযোগিতা, ছাত্র ছাত্ৰী সকলৰ মাজত শৈক্ষিক মত বিনিময় অনুষ্ঠান সম্পন্ন হয়।
ইফালে দ্বিতীয় দিনা অৰ্থাৎ ১৬ অক্টোবৰ দেওবাৰে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন,মাজপাতৃচুক গাঁৱৰ কৰ্মৰত লোকসকলৰ সম্বৰ্ধনা আৰু মুকলি সভা অনুষ্ঠিত হয়।এই অনুষ্ঠানত TMPK ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক পদ্মলোচন দলে, MAC ৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ লগতে অঞ্চলটো গৌৰৱান্বিত কৰা লোকসকল উপস্থিত থাকে।ইফালে নিশালৈ ৰিস্মা পাংগিং আৰু বিনোদ পেগুৰ লগতে স্থানীয় শিল্পী সকলে গীত পৰিৱেশন কৰে।