ঢকুৱাখনা মৰনৈ বেবেজীয়াৰ কৌপাতনি গাঁৱত অঘটন।।চামপৰা নৈৰ বাঢনী পানীত পৰি ছুনুমণি চুতীয়া নামৰ এগৰাকী ৫০বছৰীয়া মহিলা।
ঘটনা বিৱৰণি মতে আজি শাৰীৰিক ভাবে কিছু অসুস্থ মৃত চুনু মণি চুতীয়াৰ শিক্ষক স্বামী শি ৰেশ্বৰ চুতীয়াই পত্নীক ভাত পানী খুৱাই স্কুললৈ ওলাই যোৱাৰ পিছত ঘূৰি আহি পত্নীক ঘৰত নেদেখি বিচাৰত লাগিল।
পিছত স্থানীয় কিছু লোকে মহিলা গৰাকীয়ে পিন্ধা চেন্ডেল যোৰ নদী সমীপৰ চামপৰা নৈ পানীৰ যুৱলিত পৰি থকা দেখি সন্দেহ বশত বিচাৰ খোচাৰ কৰি মৃত অৱস্থাত পাই।বৰ্তমান মৃত মহিলা গৰাকীক ঘিলামৰা আৰক্ষীয়ে মৰুণোত্তৰ পৰীক্ষা বাবে লাক্ষীমপুৰ মেডিকেল লৈ প্ৰেৰণ কৰিছে।