নুমলীগড়ৰ মৰঙি চাহ বাগিচাত ভয়ংকৰ,হাতী মানুহৰ সংঘাতৰ ভয়ানক দৃশ্য।

নুমলীগড়ৰ মৰঙি চাহ বাগিচাৰ দৃশ্য এইয়া । বৃহৎ হাতীৰ জাকে খাদ্যৰ সন্ধানত আশ্ৰয় লৈ আছে যোৱা এসপ্তাহ ধৰি । বৃহৎ হাতীৰ জাকটো কেইবাটাও ভাগত বিভক্ত হৈ চাহ বাগিচাত বিচৰণ কৰাত চাহপাত চিঙিবলৈ অসুবিধাৰ সন্মুখীন হৈছে। যাৰফলত একাংশ লোকে বম ফুটাই,পেপা বজাই খেদিবলৈ চেষ্টা বন্যহস্তীৰ জাকটোক । তেনে সময়তে সৃষ্টি হৈছে ভয়ংকৰ সংঘাত। যিকোনো মূহুৰ্তত সংগঠিত হব পাৰে ভয়ংকৰ অবাঞ্চিত ঘটনা । শ্ৰমিক ৰাইজৰ অভিযোগ যে নাতিদূৰৈত থকা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীয়ে কিন্তু চাহ বাগিচাৰ ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই।