এমিতি একাডেমীৰ নৱাগত আদৰণী সভা সম্পন্ন

আজি বাইহাটা চাৰিআলি এমিতি একাডেমীৰ নৱাগত আদৰণী সভাত উপস্থিত বিধায়ক দিগন্ত কলিতা,CM OSD হেমন্ত চৌধুৰী ৷

বাইহাটা চাৰিআলিৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান এমিতি একাডেমীৰ নৱাগত আদৰণি সভাত আজি জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে গীত পৰিৱেশন কৰি একাডেমী প্ৰাঙ্গণত এক উৎসৱমুখা পৰিৱেশৰ সৃষ্টি কৰে ৷ আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী,বিধায়ক দিগন্ত কলিতাৰ লগতে বেজেৰা মণ্ডল বিজেপিৰ সভাপতি দিলিপ ডেকা সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি কলিতা,সংখ্যালঘু মৰ্চাৰ আমিনুল হক প্ৰমুখ্যে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।