ঢকুৱাখনাতো ৩৮সংখ্যক অসম গণ পৰিষদ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন।

ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত অসম অসমৰ জনসাধাৰণৰ বিপুল সমৰ্থনেৰে জন্ম লাভ কৰা ৰাজ্যখনৰ বৃহৎ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৩৮সংখ্যক  প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাৰ বিধান পৰিষদৰ উদ্যোগত অসম গণ পৰিষদ মুখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় প্ৰতিষ্ঠা দিৱস ।অগপ ৰ ঢকুৱাখনা মহকুমাৰ বিধান পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয়।প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ অনুসৰি পুৱা চাফাই কৰা পিছত দলীয় পতাকা উত্তোলন কৰে ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি হৰিচন্দ বৰুৱাই।ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত জ্যেষ্ঠ দলীয় কৰ্মী সকলৰ লগতে ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সকলক সম্বৰ্ধনা জনোৱা হয়।ইয়াৰ পিছতে দলীয় কৰ্মী সকলৰ উপস্থিতত অনাগত দিনত অসম গণ পৰিষদ দলক অধিক গতিশীল কৰি তুলিবলৈ আৰু জনমুখী কৰাৰ বাবে দলীয় কৰ্মীসকলক আহ্বান জনায়।

সন্ধিয়া বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ সামৰণি মাৰে।