গুৱাহাটী মহানগৰীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। 

এতিয়াৰ পৰা সকলো চিটী বাছত থাকিব লাগিব E-Ticketingৰ মেচিন। য'ত জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্যতহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব বাছৰ ভাড়া। 

চলিত বৰ্ষৰ ১ নৱেম্বৰলৈ সময়সীমা বান্ধি দিছে কামৰূপ মেট্ৰ'ৰ জিলা পৰিবহণ বিভাগে।