নুমলীগড়ৰ মৰঙিৰ ধলাগুৰী চাহ বাগিচাত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ।

ভাৰতৰ লোকসভা নিৰ্বাচনলৈ মাজত এটা বছৰ ৷ ইতিমধ্যেই ৰাজনৈতিক দল সমুহৰ মাজত চলিছে নিৰ্বচনী কুচকাৱাজ ৷ কংগ্ৰেছ দলৰ ভেটি সবল কৰাৰ উদ্দেশ্যি শুকুৰবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰ’জলীনা তিৰ্কিক লগত লৈ আজি মৰঙিৰ ধলাগুৰী চাহ বাগিচাত উপস্থিত হৈ বাগিচাৰ শ্ৰমিক সকলৰ সমস্যাৰাজিৰ বুজ লয় ৷ বাগিচাৰ শ্ৰমিকে কঢ়িওৱা কেঁচা চাহপাতৰ ভৰ্তি বেগ মূৰত লৈ ওজনৰ বুজ লয় ৷ সাংসদ গৰাকীয়ে সাংসদ এলেকা উন্নয়ন পুঁজিৰ পৰা শীঘ্ৰেই শ্ৰমিকৰ সুবিধাৰ বাবে এখন এম্বুলেন্স যোগানৰো প্ৰতিশ্ৰুতি দিয়ে